অসমীয়া হনুমান চালিশা

বন্দনা

বন্দো প্রভু গণেশ পার্বতী নন্দন ।
পৰম ভক্তিৰে বন্দো শ্ৰীগুৰু চৰণ।।
ভূমিত লেটিয়াই বন্দো পিতা ও মাতাৰ।
যাৰ কৃপাত দেখা পালো এই ভৱ সংসাৰ ।
বন্দিলো পদ্মযোনি ব্ৰহ্মাৰ চৰণ।
বন্দিলো বৈকুণ্ঠৰ দেৱ-নাৰায়ণ ।।
কৈলাশ শিখৰত বন্দো দের পঞ্চাননক।
তেওঁ সঙ্গে বন্দো আই দেৱী পার্বতীক।।
অষ্টবসু নৱগ্ৰহ দশ-দিশপাল।
বন্দিলো জগন্নাথ প্রভু পৰম দয়াল।।
কালীঘাটত বন্দিলো কৰাল বদনী।
বৃন্দাবনত শ্ৰীৰাধাক আই ৰাসেশ্বৰী।।
তেওঁৰ সতে বন্দো যত গোপৰ কুমাৰী।।
ৰঘুমণি ৰামৰ বন্দো দুখনি চৰণ।
আৰু বন্দো জানকীৰ যুগল চৰণ।।
শ্ৰীৰাম অনুজগণ ভূৱন বিখ্যাত।
বন্দো লক্ষ্মণ আৰু শত্রুঘ্ন, ভৰত।।
লক্ষ্মী আৰু সৰস্বতীক কৰিলো বন্দনা।
কৃপা কৰি এই দাসৰ পূৰাওক কামনা।।
ভক্তি ভাৱে বন্দিলো গৌৰাঙ্গ চৰণ।
লগে ভাগে বন্দো যত পাৰিষদগণ।।
ব্রাহ্মণ, বৈষ্ণৱ সৱক কৰিলো প্ৰণতি।
তাসৱৰ চৰণত যেন থাকে সদা মতি।।
বন্দিলো বীৰ হনুমান পৱন কুমাৰ।
অঞ্জনাৰ প্রিয় পুত্ৰ সৰ্ব্ব গুণধাৰ।।

শ্রেষ্ঠ ভক্ত ৰূপে তেওঁ সর্ব গুণাকৰ।
বাম নাম লৈ তেওঁ লঙ্কা হ’ল পাৰ।।
সেই বীৰ হনুমানক কৰিলো বন্দনা।
কৃপা কৰি এই দাসৰ পূৰাওক কামনা।।

শ্রীহনুমতে নমঃ

জয় জয় হনুমান সৰ্ব্ব গুণধাৰ।
তযু গুণ গান কৰা কি সাধ্য আমাৰ।।
নিজদ গুণ গান কৰা তুমি নিজেই কীৰ্ত্তন।
পৱনৰ পুত্ৰ তুমি অঞ্জনা-নন্দন।।
মাতৃৰ কোলাৰ পৰা ভূমি যেতিয়া দেখিলা।
উদয়ার্থে সূর্যদেৱে ভুমুকি মাৰিলা।।
তাহাক ধৰিবাৰ ইচ্ছা মনত জাগিলা।
লাফ মাৰি তুমি প্রভু আকাশ ধিয়ালা ।।
উচাৎ মাৰি সূৰ্য্যদেৱে ভয়ত কম্পমান।
ইন্দ্ৰৰ ওচৰলৈ গৈ বিচাৰে পৰিত্ৰাণ।।
ইন্দ্ৰদেৱে হানে বজ্র হনুৰ ওপৰত।
অচেতন হৈ পৰে হনু মাতৃৰ কোলাত।।
বিপদৰ গম পাই অতি শীঘ্ৰে আহি।
সকলোকে ৰক্ষা কৰিলেক পদ্মযোনি।
দেৱকাৰ্য সিদ্ধিৰ বাবে জন্ম হৈছে যাৰ।
জাপ মাৰি যিজনে হব সাগৰৰ পাৰ।।
হ’ল মন্ত্ৰী তেওঁ শ্ৰীৰামৰ দাস।
প্রবল বিক্রমশালী কিস্কিন্ধাত বাস।।
সাগৰ লংঘি সীতাৰ তেওঁ অন্বেষণ কৰে।
লঙ্কা দগ্ধ কৰি সীতাৰ সমাচাৰ আনে।।
মহাবীৰ সুপণ্ডিত তেওঁ বজৰঙ্গী।
কুমতিৰ ধ্বংসকাৰী সুমতিৰ সঙ্গী।।
সোণৰ বৰণ দেহ ৰক্তাক্ত বসুন।
সুবৰ্ণ কুণ্ডল যাৰ কৰ্ণ আভৰণ ৷৷
ৰাম জয়ধ্বজা শোভে বজ্রসম হাতে।
দুষ্টৰ শাস্তিৰ বাবে গদা শোভে কান্ধে।।
ভক্তিৰে বান্ধিলে তেওঁ ৰঘুনাথ ৰামক।
ভগৱান যে ভক্তাধীন দেখুৱালে জগতক।।
ভক্তশ্রেষ্ঠ বীৰশ্ৰেষ্ঠ হল সীতাৰ বৰত।
চাৰি যুগে অমৰ হল এই জগতত ।।
ৰাৱণ তনয় আছিল মায়াধাৰী বৰ।
হৰণ কৰিলে তেওঁ ৰাম-লক্ষ্মণক ।।
অহিৰে বধি যিয়ে শ্ৰীৰামক উদ্ধাৰে।
তেওঁৰ বীৰত্ব কেনে বর্ণাবেক পাৰে।।
সীমাহীন কীৰ্ত্তি কোনে বৰ্ণাৱ তেওঁৰ ।
নাৰদাদি মুনিয়েই নেপায় যাৰ পাৰ।।
তেওঁৰ ভক্তিত তুষ্ট হয় দের পঞ্চানন।
সৰ্বদা তেওঁৰ চৰণত বন্দে ভক্তগণ।।
অতুলিত বলবান হৈ ত্ৰিজগতত ।
সদানন্দত মত্ত থাকে শ্ৰীৰাম নামত।।
গন্ধমাদন পর্বত ডাঙি আনি অবহেলে।
ৰামতকৈ ৰাম-নাম শ্রেষ্ঠ প্রমাণিলে ।।
এশ আঠ নীল পদ্ম শ্ৰীৰামক দিলা আনি।
ৰামচন্দ্ৰই এই পদ্মেৰে পূজিলে ভৱানী।।
মই অজ্ঞ অতি মূঢ় নাই কোনো জ্ঞান।
নিজগুণে হৃদয় পদ্মত হোৱা অধিষ্ঠান।।
নেপালে তোমাৰ কৃপা হে কৃপাময় ।
ধর্ম-অর্থ-কাম-মোক্ষ সকলো বৃথা হয়।।
যাৰ নামত ভূত-প্রেত দৈত্য দানব গণ।
প্ৰাণৰ ভয়ত দূৰে কৰে পলায়ন।।
গ্ৰহ শ্রেষ্ঠ শনিৰাজ গুণে বশ যাৰ।
গ্রহদোষ নাথাকে নাম ল’লে তেওঁৰ ।।
ৰোগ-শোক, পাপ-তাপ যাৰ নামে হবে।
সেই ভক্তৰ ভক্তিৰস বওক হৃদয় মাজে।।
দুষ্টক দমন কৰা শিষ্টক পালন।
অনাথৰ গতিদাতা পবন নন্দন ।।
সাধনা ও ভক্তিতত্ত্ব যাৰ সৰ্বজ্ঞাত।
সেই হনু পদ মনত ৰাখিবা সতত।।
তেওঁৰে কৃপাতে অষ্টসিদ্ধি লাভ হয়।
বৃদ্ধি সিদ্ধি সকলো তেওঁৰ দ্বাৰা হয়।।
বাঞ্ছা কল্পতৰু ভক্তাধীন ভগৱান।
ত্রিলোকত যিজনে ইয়াক কৰিলে প্ৰমাণ।।
ৰাম নাম গোৱা সদা ৰাম নাম সাৰ।
ৰাম নাম বিনে ভৱত সকলো অসাৰ।।
ৰাম কৃপা লভি যিজন হৈলেক অমৰ।
সেই হনুৰ কৃপাৰ বাবে হোৱাহে তৎপৰ।।
ৰাম সীতাক বুকু ফালি দেখুৱালে যিজনে।
চৰণত মতি ৰাখো সদা যেন তেওঁৰে।।
সেই বীৰ ভকতৰ যদি কৃপা উদয় নহয়।
কলিযুগত মানুহৰ গতি নোহোৱা হয়।।
যিজনে লাভ কৰে তেওঁৰ কৰুণা।
জগতত সকলো পায় সেই ভক্তজনা।।
ভক্ত ভগৱন্তৰ নাম জপে যিটোজনে।
দেহাৰ অন্তত স্থান পায় বিষ্ণুৰ চৰণে।।
এই পবিত্র নামক যেন নকৰা হেলা ।
অল্প আয়ু কলিযুগত ভজা এই বেলা ।।
তাৰক ব্ৰহ্ম ৰাম নাম হয় যি ঠাইত।
ছদ্মবেশে মহাবীৰ থাকে সেই ঠাইত ।।
আশীৰ্বাদ কৰি শেষত পবন নন্দনে।
গমন কৰে নিজ স্থানে অতি মহানন্দে।।
মহাবীৰ ৰূপে তুমি ত্রিভুবন খ্যাত।
অসংখ্যাত প্রণাম তোমাৰ দুই চৰণত।।
বিশ্ব ব্ৰহ্মাণ্ডত তোমার নাই যে তুলনা।
কৰযোৰে কৰো প্ৰভু তোমাৰ বন্দনা।।
হনুমান চালিশা যিজনে পঢ়ে শুনে।
ত্ৰিভুৱনত পাপে তেওঁক স্পৰ্শকে নকৰে।।
ভক্তিভাবে এই চালিশা যিজনে পঢ়িব।
ৰোগ-শোক-দুঃখ তেওঁৰ অৱশ্যে গুচিব।
হনুমান চালিশা শেষ ভৈল পাঁচালীৰ ছন্দত।
দীন শক্তি পদে লিখে মনৰ আনন্দত।।

হনুমানাষ্টক

অঞ্জনা নন্দন বীৰশ্ৰেষ্ঠ হনুমান।
এই বিশ্বত কৰিলা তুমি ৰাম নাম দান।।
ত্ৰাণকৰ্ত্তা তুমি জানকীৰ অতীব শোকত।
বাৰে বাৰে নমো প্রভু তোমাৰ চৰণত।।
ভক্তিয়ে যে শ্রেষ্ঠধন প্ৰমাণ কৰিলা।
তিনি ভূৱনত তুমি তাকেই দেখাইলা ।।
পৰম বৈষ্ণৱ তুমি বজৰঙ্গী গোসাই।
অন্তিম কালতো যেন তোমাৰ কৃপা পাই।।
সমস্ত লোমকূপত তোমাৰ ৰাম নাম দেখো।
অস্থিৰ মাজত বিস্ময়েৰে সীতা ৰাম দেখো।।
শ্ৰীৰামত কৈয়ো ৰাম নাম অতি শক্তিধৰ।
তাকেই দেখুৱালা তুমি বিশ্ব চৰাচৰ।।
পবিত্ৰ শ্ৰীৰাম নাম তুমিয়ে শিকালা।
ভৱ সিন্ধু পাৰ হোৱা পথ দেখুৱালা ।।
দুঃখ জ্বালা দূৰ হয় ৰামৰ নামত।
তাৰেই প্ৰমাণ তুমি কৰিলা ধৰাত ।।
এবাৰ ৰাম নাম ললেই যিমান পাপ হবে।
পাপীৰ সাধ্য নাই সিমান পাপ কৰিবাকু পাৰে।।
কিমান সত্য তাক কৰিব প্ৰমাণ।
তুমিয়ে দেখুৱালা পথ হেৰা হনুমান।।
এলাহ, অন্ধকাৰে মিছাই ঘেৰিছে সংসাৰ।
জয় মহাবীৰ বুলি গোৱা বাৰ বাৰ।।
যি ৰাম নামত ভাহি উঠে শিলা।
সেই নাম জগতত তুমিয়ে প্ৰচাৰিলা ।।
সংসাৰ জুইত প্ৰভু জ্বলে সদা প্রাণ ।
এই দুখৰ পৰা প্ৰভু কৰা পৰিত্ৰাণ ।।
তোমাৰ চৰণত প্ৰভু মিনতি জনাও।
তোমাৰ কৃপাত যাতে মুকুতি প্ৰভু পাও।।

শ্ৰীহনুমানৰ স্তুতি

নমো তযু মহাবীৰ পৱন নন্দন।
শ্রেষ্ঠ ভক্ত শ্ৰীৰামৰ অতি বিচক্ষণ।।
জাপ মাৰি হলা পাৰ বিশাল সাগৰ।
শ্ৰীৰামক দিলা আহি সংবাদ জানকীৰ।।
কৰিলা দগ্ধ স্বর্ণ লঙ্কা প্ৰৱল প্রতাপে।
তোমাৰ বীৰত্ব দেখি নিশাচৰ কপে।।
শক্তিশেলে লক্ষ্মণক যেবে আঘাত কৰিলা।
গন্ধমাদন আনি তুমি কাষলতিত লৈ।
প্রবেশিলা ৰামস্থল লগত পৰ্বত লৈ৷৷
এশ আঠ নীল পদ্ম ৰামৰ আজ্ঞাত।
ভক্তিভাৱে আনি দিলা শ্ৰীৰামৰ হাতত।।
ভৱানীক পূজে ৰামে সেই ফুলেৰে।
ৰাৱণ বধৰ বৰ লভিলা সত্বৰে।।
পাতালত আছিল অহি ৰাৱণ নন্দন।
ৰাম লক্ষ্মণক দুষ্টই কৰিলা হৰণ।।
অহিকে বধি তুমি শ্ৰীৰামক বচালা।
পাতালৰ পৰা ৰামক উদ্ধাৰি আনিলা।।
তুলনাহীন তোমাৰ প্ৰবল প্রতাপ।
দেখি দেৱ নৰ ৰক্ষ বিস্মিত সকলো ।।
কাতৰ হৈ যিজনে প্ৰভু তোমাক মাতে।
ধর্ম-অর্থ-কাম-মোক্ষ দিয়া তুমি তাতে।।
পিতা তুমি, মাতা তুমি, তুমি বন্ধু-ভ্রাতা।
ত্ৰিজগতৰ তুমিয়েই বুদ্ধি বল দাতা।।
মহাপাপী অজ্ঞ আমি অতি অভাজন।
কৃপা কৰি ৰক্ষা কৰা হে অঞ্জনা নন্দন।।

হনুমানৰ আৰতি

জয় জয় ভক্তবীৰ তুমি হে মাৰুতি।
ঘৃত-চাকি জ্বলাই তোমাক কৰে৷ যে আৰতি।
ধূপ-ধূনা-বন্তি-কৰ্পূৰ কৰো প্রজ্জ্বলন।
তুষ্ট হোৱা হে দেৱ পৱন নন্দন ।।
পাণিশংখ, গংগাজলে কৰিয়া পূৰণ ৷
আৰতিৰ কালত তোমাক কৰো নিবেদন।।
তুষ্ট হৈ তুমি কৰা আমাৰ উপকাৰ।।
ৰক্তবর্ণ বস্ত্ৰ দি কৰিছো আৰতি ।
তুষ্ট হোৱা হে দেৱ জনাও মিনতি।।
সুবাসিত পুষ্প দিলো ভকতি চন্দন।
হে মহাবীৰ তুমি কৰাহে গ্ৰহণ।।
কালৰূপে সূতাৰে গাঁথি সুখ-দুখৰ মালা।
কৰ্মৰূপ ফল সহ সজাই দিছো ডলা।।
কৃপা কৰি তাক তুমি কৰাহে গ্রহণ।
তোমাৰ চৰণত সদা ৰত এই অকিঞ্চন।।
অৱশেষত কৰো তোমাৰ চামৰ ব্যজন।
তুষ্ট হোৱা ভক্তবীৰ পৱন নন্দন।।
আনন্দতে সকলোৱে শঙ্খ-ধ্বনি কৰে।
প্রসন্ন হোৱাহে দেৱ সবাৰো ওপৰে ।।

শ্ৰীৰাম স্ৰোত্ৰ

জয় জয় ৰঘুনাথ কমল লোচন।
কৌশল্যা নয়নমণি দশৰথ নন্দন।।
বিশ্বামিত্র মুনিয়ে যজ্ঞ কৰাৰ বাবে।
তাড়কাক বধ কৰিলা তুমি বাল্যকালে।।
অহল্যাৰ পাষাণ মূৰ্ত্তি তুমিয়ে উদ্ধাৰিলা ।
হৰধনু ভঙ্গ কৰি সীতাক লভিলা ।।
চৰণ স্পৰ্শতে সোণৰ হল কাষ্ঠতী।
তুমিয়েই পৰশুৰামৰ দৰ্পচূৰ্ণ কাৰী।।
অচণ্ডালক প্রেম দিব শিকাবলৈ বুলি ।
গুহক চণ্ডালৰ কোলা দিলা প্রেমভৰি ।।
বনলৈ গলা তুমি পিতৃ সত্য পালি।
বনৰ বান্দৰৰ সতে কৰিলা মিতিৰালি ।।
কত দুষ্ট নিশাচৰক কৰিয়া নিধন।
রচালা বনবাসী ঋষি মুনিগণ।।
জানকীক দশাননে কৰিলে হৰণ।
উদ্ধাৰ কৰিবাক তুমি কৰিলা গমন।।
কাঠ আৰু শিলেৰে সাগৰ বান্ধিলা।
বান্দৰ সেনাৰ সতে তুমি লঙ্কা প্রবেশিলা।।
তাৰ পিছত ৰাক্ষসকুলক কৰিলা সংহাৰ।
জানকীক প্ৰভু তুমি কৰিলা উদ্ধাৰ ।।
পূর্ণব্ৰহ্ম তুমি প্রভু অগতিৰ গতি।
তোমাৰ মহিমা গাব কাৰ আছে শকতি।।
দেৱ, ঋষি মুনিয়ে অন্ত নেপায় যাব।
বৰ্ণাব পাৰো তেওঁৰ লীলা কি সাধ্য আমাৰ ।।
কিছু মাত্র জানে তাৰ দেৱ পঞ্চানন।
পঞ্চমুখে ৰাম নাম কৰে উচ্চাৰণ।।
তোমাৰ আগত প্ৰভু এই নিৱেদন।
অন্তকালত পাও যেন তযু ৰাতুল চৰণ।।
তোমাৰ নাম লৈ দেহ-মান যায়।।
এই ভিক্ষা দিয়া মোক হে দয়াময়।।
শ্ৰীৰামচন্দ্ৰ স্তুতি শেষ হল ইয়াতে।
দীন হীন শক্তি পদে গায় আনন্দতে৷৷

:: সমাপ্ত ::

Scroll to Top